লক্ষ্ণৌত অক্ষয় কুমাৰক জোতাৰে আক্ৰমণ

অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে লক্ষ্ণৌত তেওঁলোকৰ আহিবলগীয়া চলচ্চিত্ৰ বাডে মিয়া চোটে মিয়াৰ দৃশ্যগ্ৰহণৰ বাবে উপস্থিত আছিল। কিন্তু শ্বুটিঙৰ সময়ত, ৰাইজে অক্ষয়ৰ ওপৰত জোতা দলিয়াবলৈ আৰম্ভ কৰিছিল, যাৰ পিছত আৰক্ষীয়ে লাঠিচাৰ্জ কৰিব লগা হৈছিল।লক্ষ্ণৌৰ ঐতিহাসিক ক্লক টাৱাৰত ৰছীৰ সহায়ত, দুয়োজন তাৰকাই ষ্টাণ্ট প্ৰদৰ্শন কৰিছিল, যাক অনুৰাগীসকলে হুটিং কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ মাজত তেওঁলোকৰ প্ৰিয় তাৰকাসকলক দেখি মানুহবোৰ উৎসাহেৰে ভৰি পৰিছিল। ইফালে, কোনোবাই ভিৰৰ পৰা মঞ্চত অক্ষয়লৈ জোতা দলিয়াইছিল। অক্ষয়ে বুজি পোৱা নাছিল যে কিহৰ বাবে খং কৰি জোতা দলিয়ালে।কৰ্তব্যৰত আৰক্ষীসকলে মানুহৰ ওপৰত লাঠী চাৰ্জ কৰিবলৈ আৰম্ভ কৰিলে আৰু চাৰিওফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হল।

BHARATINDIA
Comments (0)
Add Comment