শ্রমিকে নিজৰ প্ৰাপ্য বিচাৰি খাইছে হাবাথুৰি

নমস্কাৰ গ্রহণ কৰিব। আপুনি নিশ্চয় অবগত যে পঞ্জীয়নভুক্ত শ্রমিকসকলৰ বাবে পৰিষদে গ্রহণ কৰা আঁচনি অনুসৰি নির্মাণ শ্রমিকসকলক দিব লগা হিতলাভবোৰ সময়মতে কল্যাণ পৰিষদে আদায় দিয়া নাই। বর্তমানে কেইবাটাও শিতানৰ ধন শ্রমিকসকলে পাবলৈ বাকী আছে। ইপিনে দীর্ঘদিন ধৰি আবেদন কবি কোনো হিতলাভ আদায় নোপোৱাত নির্মাণ শ্রমিকসকল হতাশ হৈ পৰিছে। ২০২২ চনলৈকে নির্মাণ শ্রমিক সকলে গাঠিৰ ধন খৰচ কৰি স্বাস্থ্য পৰীক্ষাৰ আবেদন কৰিছিল। কিন্তু চলিত বছৰত উত্ত হিতলাভ বন্ধৰ ঘোষনা কৰা হৈছে। বিভিন্ন ঠাইত পেঞ্চনধাৰী নিৰ্মাণ শ্রমিকসকলে পেক্ষনৰ টকা আদায় নোপোৱাত চকুলো টুকিছে। এই কথা বাৰে বাৰে আপোনাক জনোৱা হৈ আহিছে যদিও আজিকোপতি আপোনাৰ বিভাগে একো ব্যবস্থা গ্রহণ করা নাই।

অতি পৰিতাপৰ বিষয় যে পঞ্জীয়নভুক্ত শ্রমিকসকলে প্রাপ্য সাহায্যৰ বাবে আবেদন কৰি দীর্ঘদিন অপেক্ষা কবিও সাহায্য আদায় নোপোৱাত হতাশ হৈ পৰিছে। আজি উপাইহীন হৈ জিলা খনৰ পঞ্জীয়নভূক্ত শ্রমিকসকলে আজি নিজাববীয়াকৈ দৰ্য্যন্তৰ জৰিয়তে পুনকবাৰ আপোনাক অৱগত কৰিছে।

সেয়ে কোনো অজুহাত নাৰাখি অতি শীয়ে নির্মাণ শ্রমিকসকলে পেঞ্চনকে ধৰি পাবলগা হিতলাভবোৰ আদায় দিয়া আৰু পূৰ্বৰ বছৰ কেইটাৰ অনাদায়ী স্বাস্থ্য পরীক্ষাৰ ধন আদায় দিবলৈ আমি সদৌ অসম নির্মাণ শ্রমিক ইউনিয়নব কামরূপ মহানগৰ জিলা কমিটিয়ে দাবী জনালোঁ।

ASSAMINDIAlabour
Comments (0)
Add Comment