চৰাইদেউ জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত পথ সঞ্চলন কাৰ্যসূচী ৰূপায়ন

চৰাইদেউ জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত পথ সঞ্চলন কাৰ্যসূচী ৰূপায়ন

চৰাইদেউ জিলাৰ সোণাৰি খেল পথাৰত আজি পথ সঞ্চলন কাৰ্যসূচীৰ আয়োজন কৰা হয় | চৰাইদেউ জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত অনুষ্ঠিত সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হয় পথ সঞ্চলন কাৰ্যসূচী |

য’ত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই অংশগ্ৰহণ কৰে | পথ সঞ্চলন কাৰ্যসূচীত স্থানীয় লোকৰ সহযোগিতাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সকলে নগৰৰ ৰাজপথেৰে বেন পাৰ্টি সহ এক ৰেলী কৰা ৰাইজে প্ৰত্যক্ষ কৰে | লগতে এই বিশেষ ৰেলীৰ অন্তত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সকল একত্ৰিত হৈ আলোচনাত বহা দেখা গৈছে |

ASSAMcharaideoINDIA
Comments (0)
Add Comment