বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ (Bhupen Uzir) দেহাৱসান। মঙলবাৰে নিশা ১০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সংগীত শিল্পী ভূপেন উজীৰে শেষ নিশ্বাস ত্যাগ কৰে। নিশাটো নেমকেয়াৰ হাস্পতালতে ৰখাৰ পিছত আজি নিজৰ বাসগৃহত নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব। বিশিষ্ট শিল্পীগৰাকীয়ে শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ১ জানুৱাৰীৰ পৰা নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছিল।

ভূপেন উজীৰে ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। শিল্পী গৰাকীয়ে যোৰহাটত শৈশৱ পাৰ কৰিছিল। ইহ সংসাৰত এৰি গ’ল পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক।

ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা যথেষ্ট দীঘলীয়া। সংগীত পৰিচালক, সুৰকাৰ, গীটাৰবাদক, শব্দযন্ত্ৰী, গীতিকাৰ, বাদ্যযন্ত্ৰী হিচাপে অনন্য আছিল শিল্পী ভূপেন উজীৰ। ২০ খনৰো অধিক ছবিত তেওঁ সংগীত পৰিচলনা কৰিছিল। জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, জখম, উৰ্বশী, এই মৰম তোমাৰ বাবে, পূজা, পিতা পুত্ৰ, ভাই ভাই, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে, অঘৰী আত্মা, বৰদৈচিলা আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে। তেওঁ সংগীত পৰিচালনা কৰা প্ৰথমখন ছবি আছিল দেৱী। পত্নী শান্তা আৰু ভূপেন উজীৰৰ যুটী অসমীয়া সংগীত জগতৰ বাবে এক অনবদ্য অৱদান।

অসমৰ সংগীত জগতৰ স্বনামধন্য ব্যক্তিসত্তা, যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে। এগৰাকী সংগীতকাৰ হিচাপে দীৰ্ঘদিন ধৰি সুৰৰ সাধনাৰে তেখেতে অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল। কেইবাটাও প্ৰজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা ভূপেন উজীৰ ডাঙৰীয়াৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে উজীৰ ডাঙৰীয়াৰ শোকসন্তপ্ত পৰিয়াল তথা গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে।

Comments (0)
Add Comment