শীঘ্ৰেই অসম এৰি স্বগৃহলৈ উভতিব IPS আনন্দ মিশ্ৰ!

লখিমপুৰৰ আৰক্ষী অধীক্ষক IPS আনন্দ মিশ্ৰই ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অৱসৰৰ বাব পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই এতিয়া অসম এৰিবলৈ সাজু হৈছে। ইতিমধ্যে SP আনন্দ মিশ্ৰই বিহাৰলৈ নিজৰ মৰমৰ বাইক দুখন প্ৰেৰণ কৰিছে।

IPS আনন্দ মিশ্ৰই অৱসৰ বিচাৰি ডিজিপিৰ জৰিয়তে মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণৰ বিষয়টোৱে সৰ্বস্তৰৰ লোকৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। বিগত বৰ্ষৰ ডিচেম্বৰৰ শেষৰ ভাগত আনন্দ মিশ্ৰই সপৰিয়ালে‌ মাজুলীত উপস্থিত হৈ দক্ষিণপাট সত্ৰত সেৱা লৈ চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰি সংবাদ মাধ্যমৰ আগত ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অব্যাহতি বিচৰা বিষয়ক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। এই বিষয়ে আনন্দ মিশ্ৰই কৈছিল, ‘‘মা আৰু মাটিয়ে মোক মাতিছে, বাকী সময় মাৰ সেৱাৰ বাবে কাম কৰিম। যিদৰে সমাজৰ ভাল কৰিব পাৰো, যি পথত গৈ মানুহৰ ভাল কৰিব পাৰো, সেয়া কৰিবলৈ সাজু।’’ ইয়াৰোপৰিও বিষয়াগৰাকীয়ে অব্যাহতি লোৱাৰ পিছত সামাজিক কামত মনোনিৱেশ কৰাৰ ইচ্ছাৰ কথাও প্ৰকাশ কৰিছিল।উল্লেখযোগ্য যে, অব্যাহতি লোৱাৰ পিছত IPS আনন্দ মিশ্ৰই ৰাজনীতিৰ পথাৰত খোজ দিব বুলিও চৰ্চা লাভ কৰিছিল। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। তেওঁ BJPৰ প্ৰাৰ্থী হিচাপে বিহাৰৰ ভগলপুৰ সমষ্টিৰ পৰা টিকট বিচাৰিব বুলি জানিব পৰা গৈছে। ২৭ ডিচেম্বৰত তেওঁ মাজুলীত আৰ.এছ.এছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰাৰ পিছতেই তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰা বাতৰিত যেন মোহৰ লাগিছে। IPS আনন্দ মিশ্ৰই অৱসৰৰ আবেদনৰ পিছতে এই সাক্ষাতে বৰ্তমান বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে, অব্যাহতি লোৱাৰ পিছত IPS আনন্দ মিশ্ৰই ৰাজনীতিৰ পথাৰত খোজ দিব বুলিও চৰ্চা লাভ কৰিছিল। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। তেওঁ BJPৰ প্ৰাৰ্থী হিচাপে বিহাৰৰ ভগলপুৰ সমষ্টিৰ পৰা টিকট বিচাৰিব বুলি জানিব পৰা গৈছে। ২৭ ডিচেম্বৰত তেওঁ মাজুলীত আৰ.এছ.এছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰাৰ পিছতেই তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰা বাতৰিত যেন মোহৰ লাগিছে। IPS আনন্দ মিশ্ৰই অৱসৰৰ আবেদনৰ পিছতে এই সাক্ষাতে বৰ্তমান বিশেষ তাৎপৰ্য বহন কৰিছে।

ASSAMASSAM POLICEguwahatiINDIAIPSPOLITICAL
Comments (0)
Add Comment