যোৰহাটৰ সৌজন্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত

যোৰহাটৰ সৌজন্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ আৰু কৃষি ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট কৃষি বিজ্ঞানী প্ৰয়াত ড. তৰুণ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত আয়োজন বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ যুটীয়া উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজন কৰা বছৰজোৰা বক্তৃতানুষ্ঠানৰ একাদশ লানি বক্তৃতা গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষকসংস্থাৰ সভাকক্ষত যোৱা 22 ডিচেম্বৰ ‘2023 তাৰিখে অনুষ্ঠিত হৈ যায় । প্ৰাপ্তি- The Foundation, যোৰহাটৰ সৌজন্যত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ আৰু কৃষি ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট কৃষি বিজ্ঞানী প্ৰয়াত ড. তৰুণ চন্দ্ৰ শৰ্মাৰ সোৱৰণত আয়োজন কৰা এইবাৰৰ বক্তৃতানুষ্ঠানৰ বিষয় আছিল-“গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ তথা উপকণ্ঠ অঞ্চলৰ সমাজ জীৱন আৰু পৰম্পৰা”। অনুষ্ঠানৰ আৰম্ভণিতেই বিশ্ববিদ্যালয়ৰ সংগীত পৰিবেশন কৰে বিশ্ববিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু গৱেষক গৱেষিকাই ।ইয়াৰ পিছতে অধ্যাপক ড.তৰুণ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা তৰ্পণ কৰে প্ৰয়াত ড.শৰ্মাৰ পৰিয়ালৰ সদস্য সকলে ।তেখেতৰ কনিষ্ঠ পুত্ৰ তথা প্ৰাপ্তি-The Foundation, যোৰহাটৰ প্ৰতিস্হাপক তথা সাধাৰন সম্পাদক সুদীপ্ত নয়ন ভৰদ্বাজে প্ৰয়াত পিতৃৰ স্মৃতিচাৰণ কৰে । উপস্থিত সমজুৱাক আদৰণি জনায় আদৰণি ভাষণ দিয়ে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড.সিদ্ধাৰ্থ নয়ন শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে বক্তৃতা প্ৰদান কৰে বিশিষ্ট বিজ্ঞানী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড.সোণেশ্বৰ শৰ্মাই। সন্মানীয় অতিথি হিচাপে বিশ্ববিদ্যালয়ৰ চৌহদ আৰু উপকণ্ঠ অঞ্চলৰ সমাজ জীৱনৰ ওপৰত পৰ্য্যালোচনা আগবঢ়ায় বিশিষ্ট নিবন্ধকাৰ,গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপ প্ৰধান শিক্ষক লীলাধৰ হাজৰিকাই। অনুষ্ঠানত সমজুৱাৰ তৰফৰ পৰা মন্তব্য আগবঢ়ায় তৰুণ লেখক ড.সত্যজিৎ দাসে । অনুষ্ঠানটিত আবৃত্তি পৰিবেশন কৰে বাণিজ্য বিভাগৰ শিক্ষক মৃন্ময় বুজৰবৰুৱাই আৰু গীত পৰিবেশন কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰী শিখা শইকীয়া আৰু তেওঁৰ সঙ্গীসকলে । অনুষ্ঠানটিত বিশেষ ভাবে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাপতি অধ্যাপক ড. মাধুৰ্য্য প্ৰসাদ বেজবৰুৱা আৰু বিশ্ববিদ্যালয়ৰ বাণিজ্য গুৰু অধ্যাপক ড. অমৃত পাল সিঙক প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু প্ৰাপ্তি – The Foundation ৰ তৰফৰ পৰা সম্ভাষণ জ্ঞাপন কৰা হয় । আজিৰ সভাত প্ৰাপ্তি – The Foundation ৰ সহকাৰী সম্পাদক সমৰ বৰুৱা ও উপস্হিত থাকে। অসম সংগীতেৰে সামৰণি পৰা এই সভাখনত পৌৰহিত্য কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ সভাপতি জিটুমণি শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়ায় সংগঠনটোৰ কাৰ্যনিৰ্বাহক ড.গৌৰ গোপাল বণিক্যই।

guwahatiuniversity
Comments (0)
Add Comment