টেঙাখাত ঘোমতাল গাঁৱৰ অইলৰ উইল্টনস্থিত আই টি এফৰ স্পেকটন কোম্পানীৰ কৰ্মচাৰী ধনন সোনোৱালৰ মৃত্যু

টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ঘোমতাল গাঁৱৰ বাসিন্দা , অইলৰ উইল্টনস্থিত আই টি এফৰ স্পেকটন কোম্পানীৰ কৰ্মচাৰী তথা আই টি এফৰ কৰ্মচাৰী সন্থাৰ উপ-সভাপতি ধনন সোনোৱাল (৪৬) দীৰ্ঘদিন জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থাকি আজি পুৱা ৯-৫৬ বজাত নিজা বাসভৱনত মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত সমাজকৰ্মী ধনন সোনোৱালে ইহ:সংসাৰত পত্নী একমাত্ৰ নাবালক পুত্ৰ দুই ককায়েক বৌয়েক এক ভায়েক বোৱাৰী ভতিজা ভতিজী বায়েক ভিনিয়েক ভাগিনিয়েক আদি বহু আত্মীয় স্বজনক এৰি গৈছে ।
তেওঁৰ অকাল মৃত্যুত বিভিন্ন ব্যক্তি দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা তথা শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে

ASSAMdeathDIBRUGRAH
Comments (0)
Add Comment