প্ৰেম আৰু বিৰহক শব্দৰ সজাত বন্দী কৰি শ্ৰোতাৰ মন মগজুত গানেৰে প্ৰোথিত কৰিছিল এই গৰাকী অৰুণ দাসে।
গানৰ দৰেই অৰুণ দাসে মনতো কঢ়িয়াই লৈ ফুৰিছিল এসাগৰ বিষাদ। সেই বিষাদেই শিল্পীগৰাকীক কৰি তুলিছিল বিদ্ৰোহী। গানেৰে শত-সহস্ৰজনক সন্তুষ্টি দিয়া অৰুণ দাস নিজেই আছিল অস্থিৰ।
সেই অস্থিৰতাই অশান্ত কৰিছিল শিল্পীগৰাকীক। জীৱনত আৰ্থিক অনাটনতো ভূগিবলৈ লৈছিল শিল্পীগৰাকীয়ে। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ একালৰ প্ৰতিভাবান ছাত্ৰগৰাকীয়ে হাহাকাৰ কৰিব লগা হৈছিল এসাঁজ ভাতৰ বাবে। আনৰ ওচৰত হাত পাতিব লগা হৈছিল কেইটামান টকাৰ বাবে।
ৰকষ্টাৰ অৰুণ দাস আৰু নাই; ৭১ বছৰ বয়সত নিভৃতে, নিৰৱে আঁতৰি গ’ল
লিজেণ্ড অৱ নাইনটিজ অৰুণ দাস
নব্বৈৰ দশকত গীটাৰৰ ঝংকাৰ, ড্ৰামৰ প্ৰাণ প্ৰাচুৰ্যৰে অসমজুৰি অৰুণ দাসৰ দৰদী কণ্ঠ বৈ আছিল।
তেতিয়াই বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল দৰদী শিল্পীগৰাকীৰ গানে। ৰকষ্টাৰ অৰুণ দাসক এবাৰ চুই চাবলৈ মঞ্চত অনুৰাগীৰ হেতা ওপৰা লাগিছিল।
বিহৰ বেদনাত কাতৰ প্ৰেমিকে অৰুণ দাসৰ গান আওৰাই উজাগৰী নিশা পাৰ কৰিছিল। প্ৰেমিকালৈ লিখা চিঠিত ঠাই পাইছিল চিৰসেউজ গীতৰ বহু পংক্তিয়ে। তেনেকৈয়ে জনপ্ৰিয় হৈ পৰিছিল ‘প্ৰেম হ’ল এজুপি কাঁইটৰ জোপোহা…’, ‘তুমি জানো জানা সোণ…’, ‘ভুল নুবুজিবা তুমি…’ আদি গীতসমূহ।